You are currently viewing মলদ্বাৰৰ কৰ্কটৰোগঃ-  ডাঃ বিক্ৰম কুমাৰ ডেকা।

মলদ্বাৰৰ কৰ্কটৰোগঃ- ডাঃ বিক্ৰম কুমাৰ ডেকা।

মলদ্বাৰৰ কৰ্কটৰোগ –

ডাঃ বিক্ৰম কুমাৰ ডেকা।

(কেন্সাৰ ৰোগ বিশেষজ্ঞ, ৰ’ব’টিক শল্য চিকিৎসক, মেক্স হস্পিটেল,দিল্লী)

আজি কিছু কথা জনাবলৈ ওলাইছো মলদ্বাৰৰ কৰ্কটৰোগৰ বিষয়ে। মলদ্বাৰ বা ৰেক্টাম আৰু মলাশয় পাচক নলীকা বা ডাইজেষ্টিভ ট্ৰেকৰ অন্তিম অংশৰ আগৰ অংশ। পাচক নলীকা ইছ’ফেগাছ,পেট,ক্ষুদ্ৰান্ত্ৰ,বৃহদান্ত্ৰ বা ৰেক্টাম আৰু কল’ন বা মলাশয়ৰে গঠিত। ইয়াৰে ভিতৰত বৃহদান্ত্ৰ আটাইতকৈ ডাঙৰ অংশ। এই পাচক নলীকাই আমি গ্ৰহণ কৰা খাদ্যৰ পৰা ভিটামিন,খনিজ দ্ৰব্য,শ্বেতসাৰ,চৰ্বী,প্ৰ’টিন আৰু পানী দেহৰ বাবে সংৰক্ষণ কৰাৰ লগতেই বাকী বাজ্য পদাৰ্থসমূহ দেহৰ পৰা নিষ্কাষণ কৰাৰ কামো কৰে। মলদ্বাৰ আৰু মলাশয় মিলি পাচক নলীকাৰ অন্তিম অংশটো প্ৰায় ৬ ৰ পৰা ৮ ইঞ্চি দৈৰ্ঘ্যৰ হয়। এই মলদ্বাৰৰ কোষিকাসমূহতেই মলদ্বাৰৰ কৰ্কটৰোগৰ সৃষ্টি হয়।

প্ৰথমেই জনাবলৈ খুজিছো মলদ্বাৰৰ কৰ্কটৰোগৰ কিছু লক্ষণৰ বিষয়ে। যাতে এই লক্ষণসমূহে দেখা দিলে আক্ৰান্তজন শীঘ্ৰেই চিকিৎসকৰ কাষ চাপিব পাৰে। মলদ্বাৰৰ কৰ্কটৰোগৰ কেইটিমান লক্ষণ হৈছে-

১)পায়খানা বা শৌচত গাঢ় ৰঙা বা উজ্জ্বল ৰঙৰ তেজ পৰা,

২)শৌচ কৰাৰ গতানুগতিক অভ্যাসলৈ অহা পৰিৱৰ্তন,

৩)অতিসাৰ বা ডায়েৰিয়া,

৪)কোষ্ঠাকাঠিন্য,

৫)শৌচ কৰাৰ পিছতো গুহ্যথলী ভালকৈ খালী নোহোৱাৰ অনুভৱ হোৱা,

৬)খুব ঠেক শৌচৰ আকাৰ বা স্বাভাৱিকধৰণে হোৱা শৌচতকৈ ভিন্ন আকাৰৰ শৌচ,

৭)সাধাৰণভাৱে কিন্তু সঘনাই হোৱা পেটৰ সমস্যা যেনে-সঘন গেছৰ সমস্যা,পেট ফুলা,পেট ভৰ্তি যেন লগা,পেটৰ বিষ ইত্যাদি।

৮)খাদ্যৰ ৰুচিবোধলৈ অহা পৰিৱৰ্তন,

৯)অজানা কাৰণত হোৱা ওজন হ্ৰাস,

১০)অতিশয় ক্লান্তি বা অৱশ অনুভৱ কৰা ইত্যাদি।

উপৰুক্ত লক্ষণসমূহে দেখা দিলে ততাতয়াকৈ বিভাগীয় চিকিৎসকৰ কাষ চাপক। চিকিৎসকে ৰোগীৰ লক্ষণৰ ওপৰত ভিত্তি কৰি বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰিবলৈ দিব পাৰে। তেনে কেইবিধমান পৰীক্ষা হৈছে-

১)ডিজিটেল ৰেক্টেল এক্সাম(ডি আৰ ই)ঃ-এইবিধ পৰীক্ষা হৈছে এবিধ মলদ্বাৰৰ পৰীক্ষা। এইবিধ পৰীক্ষাত চিকিৎসক বা নাৰ্ছে পিছল পদাৰ্থ লগোৱা হাতমোজা পিন্ধি,ৰোগীৰ মলদ্বাৰলৈ আঙুলি ভৰাই দিয়ে,মলদ্বাৰতকো কিবা অস্বাভাৱিক অংশৰ অৱস্থিতি আছে নেকি চাবলৈ।

২)ক’ল’ন’স্ক’পীঃ-ক’ল’ন’স্ক’প হৈছে এডাল মিহি দীঘলীয়া পাইপ আকৃতিৰ সঁ‌জুলি,যাৰ আগত কেমেৰা আৰু লাইট লগোৱা থাকে আৰু এই ক’ল’ন’স্ক’প ৰোগীৰ গুহ্যদ্বাৰেদি মলদ্বাৰলৈ ভৰাই দি কম্পিউটাৰত চোৱা হয় মলদ্বাৰত কিবা অস্বাভাৱিক অংশৰ সৃষ্টি হৈছে নেকি। এই প্ৰক্ৰিয়াৰ জড়িয়তে অকল কৰ্কটৰোগেই নহয়,অন্যান্য ৰোগো ধৰা পেলাব পাৰি। এই পৰীক্ষণ প্ৰক্ৰিয়াত মলদ্বাৰৰ ভিতৰৰ পৰা কিছু কোষিকা বাহিৰ কৰি আনি কৰ্কটৰোগৰ অৱস্থিতি সম্পৰ্কে মাইক্ৰ’স্ক’পত পৰীক্ষাও কৰিব পাৰি।

৩)চি টি স্কেন(কেট স্কেন)ঃ-এইবিধ পৰীক্ষণ প্ৰক্ৰিয়াত এটি কম্পিউটাৰৰ লগত সংযুক্ত এক্স-ৰে মেচিনৰ দ্বাৰা দেহৰ ভিতৰৰ ভিন্ন অংগৰ পুংখানুপুংখভাৱে আৰু ধাৰাবাহিকভাৱে বহুখিনি চিত্ৰ লোৱা যায়। প্ৰয়োজনত বেজীৰ মাধ্যমেৰে পৰীক্ষা কৰিব লগীয়া অংশত দৰৱৰ প্ৰয়োগ কৰি নিৰ্দ্দিষ্ট অংগবোৰৰ ছবি অধিক স্পষ্ট কৰি তুলিব পৰা যায়। ছবিবোৰ বিভিন্ন দিশৰ পৰা লোৱা যায় আৰু লগতেই কোষিকা আৰু অংগসমূহৰ থ্ৰী ডি(থাৰ্ড ডাইমেনচন)ছবি লোৱা যায়। এই প্ৰক্ৰিয়াক কম্পিউটাৰাইজড ট’ম’গ্ৰাফীও বোলা হয়।

৪)এম আৰ আই(মেগনেটিক ৰেজনেঞ্চ ইমাজিঙ)ঃ-এই পৰীক্ষণ প্ৰক্ৰিয়াত এটি চুম্বক,ৰেডিঅ’ তৰংগ আৰু কম্পিউটাৰৰ ব্যৱহাৰেৰে মলদ্বাৰৰ পুংখানুপুংখ ছবি গ্ৰহণ কৰা হয়। চিৰিঞ্জৰ মাধ্যমেৰে গেড’লিনিয়াম নামৰ এবিধ পদাৰ্থ ৰোগীৰ দেহলৈ ভৰাই দিয়া হয়,যিবিধ পদাৰ্থই কৰ্কটৰোগৰ কোষসমূহক আৰু অধিক উজ্বলাই তোলে আৰু ইয়েই পৰীক্ষণত সহায়ক হয়।

৫)পেট স্কেন(পজিট্ৰ’ন ইমিছন ট’ম’গ্ৰাফী স্কেন)ঃ-এই পৰীক্ষণ প্ৰক্ৰিয়াত এক অতি কম মাত্ৰাৰ তেজস্ক্ৰিয় ছুগাৰ বা গ্লুক’জ শৰীৰৰ ভিতৰলৈ সীৰাৰ মাধ্যমেৰে ভৰাই দিয়া হয়। তাৰপিছত এটি স্কেনাৰে দেহৰ সমগ্ৰ অংশত ঘূৰি ঘূৰি দেহৰ ভিতৰৰ পৰিস্কাৰ চিত্ৰ গ্ৰহণ কৰে। তেজস্ক্ৰিয় গ্লুকজক কৰ্কটৰোগজনিত কোষে অধিক শোষণ কৰে। গতিকেই কৰ্কটৰোগজনিত কোষ আছে নে নাই ধৰা পৰাত সহায়ক হৈ পৰে।

যদিওবা নিৰ্দ্দিষ্ট কোনো নিৰ্ধাৰিত কাৰক নাই মলদ্বাৰৰ কৰ্কটৰোগৰ,তথাপিও কিছুমান বিশেষ কাৰকৰ বাবে মলদ্বাৰৰ কৰ্কটৰোগৰ সম্ভাৱনা বৃদ্ধি পাই। তেনে কেইবিধমান কাৰক হৈছে-

১)আপোন পৰিয়ালৰ কোনোবা(পিতৃ-মাতৃ,ভাতৃ-ভগ্নী,সন্তান)ৰ মলদ্বাৰৰ কৰ্কটৰোগ হ’লে,সেই ব্যক্তিজনৰো মলদ্বাৰৰ কৰ্কটৰোগ হোৱাৰ সম্ভাৱনা অধিক হয়।

২)পূৰ্বে নিজৰ মলদ্বাৰ,মলাশয় বা ডিম্বাশয়ৰ কৰ্কটৰোগ হৈছিলে যদি,পুনৰাই এই ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাই।

৩)নিজৰ অতি বিপদজনক এডেন’মাছ হোৱাৰ ইতিহাস থাকিলে,

৪)ধূম্ৰপান কৰিলে,

৫)নিজৰ ক্ৰ’নিক আলচাৰেটিভ ক’লাইটিছ বা ক্ৰ’নছ ডিজিজ থকাৰ ৮ বছৰতকৈ দীৰ্ঘকালৰ ইতিহাস থাকিলে,

৬)সপ্তাহত ৩ পেগতকৈ অধিক সুৰাপান কৰিলে,

৭)মেদবহুলতা থাকিলে।

পৰীক্ষণৰ পৰা যদিহে ৰোগীজনৰ মলদ্বাৰত কৰ্কটৰোগ ধৰা পৰে,তেতিয়া ৰোগৰ স্তৰৰ ওপৰত ভিত্তি কৰি,অৰ্থাৎ মলদ্বাৰৰ কৰ্কটৰোগ কোনটো স্তৰত আছে তাৰ ওপৰত ভিত্তি কৰি,চিকিৎসাৰ প্ৰক্ৰিয়াৰ আৰম্ভ কৰে। এনে কেইবিধমান চিকিৎসাৰ প্ৰক্ৰিয়া হৈছেঃ-

১)অস্ত্ৰোপচাৰঃ-অস্ত্ৰোপচাৰ হৈছে এনে এবিধ চিকিৎসা প্ৰক্ৰিয়া,যিবিধ মলদ্বাৰৰ কৰ্কটৰোগৰ প্ৰায় প্ৰত্যেকটো স্তৰতেই ব্যৱহাৰ কৰা হয়। এনে কেইবিধমান অস্ত্ৰোপচাৰ প্ৰক্ৰিয়া হৈছেঃ-

ক)প’লিপেক্ট’মীঃ-যদিহে কৰ্কটৰোগবিধ মলদ্বাৰত ওলমি থকা কোষিকা বা প’লিপত সৃষ্টি হয়,তেন্তে সেই প’লিপৰ পৰা কৰ্কটৰোগৰ কোষ নিষ্কাষণ কৰিবলৈ,ক’ল’ন’স্ক’পী প্ৰক্ৰিয়াৰ সহায় লোৱা হয়।

খ)লোকেল এক্সিছনঃ-যদিহে কৰ্কটৰোগ মলদ্বাৰৰ ভিতৰৰ অংশতেই ব্যাপি থাকে বা মলদ্বাৰৰ বাহিৰলৈ বিয়পি নপৰে,তেতিয়া অস্ত্ৰোপচাৰৰ জড়িয়তে কৰ্কটৰোগজনিত কোষ আৰু কাষৰ কিছু অংশ মলদ্বাৰৰ পৰা গুছাই দিয়া হয়।

গ)ৰিছেকচনঃ-যেতিয়া কৰ্কটৰোগ মলদ্বাৰৰ বাহিৰলৈয়ো বিয়পি পৰে,তেতিয়া এইবিধ অস্ত্ৰোপচাৰৰ প্ৰয়োগ কৰা হয়। এইবিধ অস্ত্ৰোপচাৰত কৰ্কটৰোগ থকা অংশৰ লগতে কাষৰ নিৰোগী কোষিকাও গুছাই দিয়া হয়। কেতিয়াবা মলদ্বাৰ আৰু পেটৰ মাজৰ বেৰখনৰ মাজৰ কিছু কোষিকাও গুছাই দিয়া হয়। লগতেই এই অস্ত্ৰোপচাৰত মলদ্বাৰৰ কাষৰ লসিকাগ্ৰন্থিও গুছাই আনি মাইক্ৰ’স্ক’পত তাত কেন্সাৰৰ অৱস্থিতি আছে নেকি পৰীক্ষণ কৰা যায়। ৰিছেকছন অস্ত্ৰোপচাৰৰ দুবিধ প্ৰকাৰ আছে। সেই দুবিধ হৈছে ক্ৰমেঃ-

ক)এল এ আৰঃ-এই অস্ত্ৰোপচাৰ প্ৰক্ৰিয়াত মলদ্বাৰৰ নিম্নাংশ আৰু গুহ্যদ্বাৰৰ নলীকাক সংৰক্ষণ কৰি,মলাশয়ৰ বাকী অংশৰ লগত সংযোজন কৰা হয়। এল এ আৰ প্ৰক্ৰিয়াত কোনো স্থায়ী ষ্ট’মা(পায়খানা পাৰ হৈ যাবলৈ ব্যৱহাৰ কৰা সঁ‌জুলি)ৰ ব্যৱহাৰ কৰা নেযায় যদিও,অস্থায়ী ষ্ট’মাৰ ব্যৱহাৰ কৰা যায়।

খ)এ পি আৰঃ-ৰিছেকছনৰ এই দ্বিতীয়ভাগত মলদ্বাৰ আৰু গুহ্যদ্বাৰৰ নলীকাক সম্পূৰ্ণৰূপে গুছাই দি,স্থায়ীৰূপত ষ্ট’মা লগোৱা হয়।

২)ৰেডিয়েচনঃ-ৰেডিয়েচন থেৰাপীত উচ্চ শক্তিসম্পন্ন এক্স-ৰে বা তেনেধৰণৰ ৰেডিয়েচন ৰোগীজনৰ দেহত প্ৰয়োগ কৰি,কৰ্কটৰোগৰ কোষক নিঃশেষ কৰাৰ লগতেই,ইয়াৰ বৃদ্ধিত বাধা প্ৰদান কৰে। মলদ্বাৰৰ কৰ্কটৰোগত কেতিয়াবা”এক্সাটাৰ্নেল ৰেডিয়েচন থেৰাপী”ৰো প্ৰয়োগ কৰা হয়,য’ত দেহৰ বাহিৰৰ পৰা এই ৰেডিয়েচন দিয়া হয়।

৩)কেম’থেৰাপী,

৪)কেম’ৰেডিয়েচন থেৰাপী,

৫)টাৰ্গেটেড থেৰাপী,

৬)ইম্মিউন’থেৰাপী।

মলদ্বাৰৰ কৰ্কটৰোগৰ প্ৰথম স্তৰৰ চিকিৎসাত ল’কেল এক্সিজন,অস্ত্ৰোপচাৰৰ পিছত কেমে’থেৰাপী আৰু ৰেডিয়েচনৰ লগত ৰিচেকচন কৰা হয়।

দ্বিতীয় স্তৰ আৰু তৃতীয় স্তৰৰ চিকিৎসাত ক্ৰমে অস্ত্ৰোপচাৰৰ পিছত কেম’ৰেডিয়েচন থেৰাপী,অস্ত্ৰোপচাৰৰ পিছত অকল কেম’থেৰাপী,অস্ত্ৰোপচাৰ আৰু কেম’থেৰাপীৰ পিছত ৰেডিয়েচনৰ চমু এটি কৰ্চ,অস্ত্ৰোপচাৰৰ পিছত কেম’ৰেডিয়েচন থেৰাপী আৰু অস্ত্ৰোপচাৰ কৰা যায়।

ইয়াৰ উপৰিও,যদিহে ৰোগী এজনৰ ৰেক্টাম আৰু ক’ল’ন দুয়োবিধেই একেলগে কৰ্কটৰোগত আক্ৰান্ত হয়,তেন্তে সেইবিধ কৰ্কটৰোগক ক’ল’ৰেক্টেল কেঞ্চাৰ বুলি কোৱা হয়। এই ক’ল’ৰেক্টেল কেঞ্চাৰৰোগ ধৰা পেলাবলৈ স্ক্ৰিণিঙৰ ব্যৱস্থা আছে। কিছু সময়ত ক’ল’ৰেক্টেল কেঞ্চাৰৰ কোনো লক্ষণ নেথাকে,তেতিয়া এই স্ক্ৰিণিঙে প্ৰাৰম্ভিক পৰ্যায়ত ৰোগ ধৰা পেলাই,ইয়াক বিপদজনক স্তৰলৈ যোৱাত বাধা প্ৰদান কৰিবলৈ সক্ষম হয়। তেনে কেইবিধমান স্ক্ৰিণিঙ হৈছে-

১)ফেচেল অকাল ব্লাড টেষ্ট,

২)চিগমইড’স্ক’পী,

৩)ক’ল’ন’স্ক’পী,

৪)ভাৰ্চুৱেল ক’ল’ন’স্ক’পী,

৫)ডি এন এ ষ্টুল টেষ্ট।

এইখিনি তথ্যৰ ওপৰত ভিত্তি কৰি,যদিহে আপুনি ইয়াৰ যিকোনো লক্ষণৰ দ্বাৰা আক্ৰান্ত হৈছে বা কাৰক আছে তেন্তে ততালিকে চিকিৎসকৰ কাষ চাপক।

চিকিৎসকৰ ফোনঃ-৯৫৬০৬৩০২০৫

Share Now on

Leave a Reply