You are currently viewing হাওঁ‌ফাওঁ‌ৰ কৰ্কটৰোগৰ বিষয়ে আৰু কিছু কথা ডাঃ বিক্ৰম কুমাৰ ডেকা।

হাওঁ‌ফাওঁ‌ৰ কৰ্কটৰোগৰ বিষয়ে আৰু কিছু কথা ডাঃ বিক্ৰম কুমাৰ ডেকা।

হাওঁ‌ফাওঁ‌ৰ কৰ্কটৰোগৰ বিষয়ে আৰু কিছু কথা

ডাঃ বিক্ৰম কুমাৰ ডেকা।

(কেন্সাৰ ৰোগ বিশেষজ্ঞ, ৰ’ব’টিক শল্য চিকিৎসক, মেক্স হস্পিটেল,দিল্লী)

ইয়াৰ পূৰ্বৰ লেখাত হাওঁ‌ফাওঁ‌ৰ কৰ্কটৰোগৰ বিষয়ে কিছু কথা আপোনালোকক জনাইছিলোঁ। কিন্তু এই কৰ্কটৰোগৰ বিষয়ে আৰু কিছু কথা জনাবলৈ ৰৈ গৈছিল। আজি আপোনালোকক সেইখিনি কথাকে জনাবলৈ ওলাইছোঁ। হাওঁ‌ফাওঁ‌ৰ কৰ্কটৰোগৰ বিষয়ে ইয়াৰ আগৰ লেখাটোত উল্লেখ কৰিছিলোঁ যে হাওঁ‌ফাওঁ‌ৰ কৰ্কটৰোগ বা লাং কেঞ্চাৰৰ দুটা ভাগ থাকে। আজি প্ৰথমেই এই দুটা ভাগ নো কি,সেই বিষয়ে কিছু কথা জনাবলৈ লৈছো। পূৰ্বৰ লেখাত উল্লেখ কৰা এই দুটি ভাগ হৈছে-

১)নন স্মল চেল লাং কেঞ্চাৰ(NSCLC)

২)স্মল চেল লাং কেঞ্চাৰ(SCLC)

১)নন স্মল চেল লাং কেঞ্চাৰ- হাওঁ‌ফাওঁ‌ত হোৱা কৰ্কটৰোগ সমূহৰ ভিতৰত ৮৫% লাং কেঞ্চাৰেই হৈছে নন স্মল চেল লাং কেঞ্চাৰ৷ যদিও নন স্মল চেল লাং কেঞ্চাৰৰ প্ৰাদুৰ্ভাৱ ইমান বেছি, তথাপিও হাওঁ‌ফাওঁ‌ৰ কৰ্কটৰোগৰ এইবিধ প্ৰকাৰ আকৌ এজন ৰোগীৰ দেহত হাওঁ‌ফাওঁ‌ৰ উপৰিও দেহৰ আন অংশলৈয়ো বিয়পাৰ পিছতহে সাধাৰণতে ধৰা পৰে। গতিকে এই ক্ষেত্ৰতো আগতীয়া সতৰ্কতা খুবেই জৰুৰী। নন স্মল চেল লাং কেঞ্চাৰৰো কেইবাবিধো প্ৰকাৰ আছে। যেনে-স্কুৱামাছ চেল কাৰ্চিন’মা, লাৰ্জ চেল কাৰ্চিন’মা আৰু এডেন’কাৰ্চিন’মা। পিছে এই উল্লিখিত প্ৰকাৰ কেইটাৰ বাদেও আন ভিন্ন ৰকমৰ নন স্মল চেল লাং কেঞ্চাৰৰ সৃষ্টি হ’ব পাৰে। যদিও নন স্মল চেল লাঙ কেঞ্চাৰৰ এই সকলো প্ৰকাৰ সৃষ্টিত ধূম্ৰপানেকেই মূল কাৰকৰূপে চিহ্নিত কৰা হৈছে, কিন্তু এডেন’কাৰ্চিন’মা কাহানিও ধূম্ৰপান নকৰা ব্যক্তিৰ ক্ষেত্ৰতো হোৱা দেখা যায়। লগতে উল্লেখ কৰিব লাগিব যে, এডেন’কাৰ্চিন’মাই হৈছে বৰ্তমান সময়ত আটাইতকৈ বেছিকৈ হোৱা হাওঁ‌ফাওঁ‌ৰ কৰ্কটৰোগ। নন স্মল চেল লাঙ কেঞ্চাৰৰ ৰোগীসকল সাধাৰণতে চিকিৎসাৰ ক্ষেত্ৰত প্ৰথমে অস্ত্ৰোপচাৰ কৰি তাৰ পাছতহে কেম’থেৰাপী দিয়া যায়।

২)স্মল চেল লাং কেঞ্চাৰঃ স্মল চেল লাং কেঞ্চাৰ হৈছে এবিধ খুব কম হাৰত হোৱা বিৰল প্ৰকাৰৰ হাওঁ‌ফাওঁ‌ৰ কৰ্কটৰোগ। পিছে এই ৰোগ বিয়পে অতি দ্ৰুতগতিত। হাওঁ‌ফাওঁ‌ত হোৱা কৰ্কটৰোগ সমূহৰ ভিতৰত ১৫%  স্মল চেল লাং কেঞ্চাৰ। যদিও স্মল চেল লাং কেঞ্চাৰ যিকোনো ব্যক্তিৰেই হ’ব পাৰে, তথাপিও কিন্তু সাধাৰণতে দীৰ্ঘকালৰ ধূম্ৰপান বা ধঁপাতজাতীয় সামগ্ৰী সেৱনৰ ফলতেই এই ৰোগ হোৱা দেখা যায়। এই ৰোগৰ ক্ষেত্ৰতো সঠিক সময়ত ইয়াৰ পৰীক্ষণ জৰুৰী৷ একেদৰে, ধূম্ৰপান বন্ধ কৰাও অতি জৰুৰী। স্মল চেল লাং কেঞ্চাৰৰ চিকিৎসাৰ ক্ষেত্ৰত আকৌ কেম’থেৰাপী আৰু ৰেডিয়েচন থেৰাপী উপযোগী।

এতিয়া আহিছোঁ হাওঁ‌ফাওঁ‌ৰ কৰ্কটৰোগৰ চিকিৎসাৰ দিশলৈ। হাওঁ‌ফাওঁ‌ৰ কৰ্কটৰোগত কেনেধৰণৰ আৰু কি কি চিকিৎসা কৰা হয়, সেই বিষয়ে কিছু কথা জনাবলৈ চেষ্টা কৰিম। বেছিভাগ হাওঁ‌ফাওঁ‌ৰ কৰ্কটৰোগেই অন্তিম স্তৰ বা পৰ্যায়,অৰ্থাৎ চতুৰ্থ স্তৰত ধৰা পৰে,আৰু তেতিয়া কেম’থেৰাপীৰ বাদে আন চিকিৎসাৰ কোনো বিকল্প নেথাকে। আন আন কেঞ্চাৰ ৰোগৰ চিকিৎসাৰ দৰেই হাওঁ‌ফাওঁ‌ৰ কেঞ্চাৰ ৰোগৰ চিকিৎসাও এই ৰোগক ৰোগীৰ দেহৰ পৰা নিৰ্মূল কৰা বা ইয়াৰ বাঢ়নত বাধা প্ৰদান কৰাৰ উপলক্ষেই কৰা হয়। হাওঁ‌ফাওঁ‌ৰ কৰ্কটৰোগৰ চিকিৎসাতো ৰোগীজন নন স্মল চেল লাঙ কেঞ্চাৰ নে স্মল চেল লাঙ কেঞ্চাৰত আক্ৰান্ত হৈছে,কোন কোন অংশলৈ বিয়পিছে আদি ভিন্ন দিশৰ ওপৰত ভিত্তি কৰি কৰা হয়। এনে কেইবিধমান চিকিৎসা পদ্ধতি হৈছে-

১)অস্ত্ৰোপচাৰঃ- নন স্মল চেল লাঙ কেঞ্চাৰ হোৱা কৰ্কটৰোগীৰ ক্ষেত্ৰত অস্ত্ৰোপচাৰৰ দ্বাৰা চিকিৎসা কৰা হয় । আনহাতে স্মল চেল লাং কেঞ্চাৰৰ ক্ষেত্ৰত অস্ত্ৰোপচাৰ তেতিয়াহে প্ৰযোজ্য হয় যেতিয়া ৰোগীৰ হাওঁ-ফাওঁত সৃষ্টি হোৱা টিউমাৰবোৰৰ আকাৰ তেনেই সৰু আকাৰৰ হৈ থাকে৷ এনে কেইবিধমান অস্ত্ৰোপচাৰ হৈছে-

ক)ৱেজ ৰিচেকচনঃ-ৱেজ ৰিচেকচন ছাৰ্জাৰী বা অস্ত্ৰোপচাৰত,হাওঁ‌ফাওঁ‌ত সৃষ্ট কেঞ্চাৰজনিত টিউমাৰ এটা আৰু ইয়াৰ চৌপাশৰ কিছু স্বাভাৱিক কোষক আতৰাই দিয়া হয়। যদিহে অলপ বেছি কোষ গুছাই দিয়া হয়,তেন্তে তাক চেগমেন্টেল ৰিচেকচন বোলা হয়।

খ)ল’বেক্টমীঃ-এইবিধ অস্ত্ৰোপচাৰত পূৰ্বৰ লিখাটিত উল্লিখিত হাওঁ‌ফাওঁ‌ৰ বিশেষ অংশ ল’ব(Lobe)এটিকে সম্পূৰ্ণৰূপে গুছাই দিয়া হয়।

গ)নিউম’নেক্ট’মীঃ-এইবিধ অস্ত্ৰোপচাৰত কোনো এটি হাওঁ‌ফাওঁ‌ সম্পূৰ্ণৰূপে শৰীৰৰ পৰা গুছাই দিয়া হয়।

ঘ) শ্লীভ ৰিচেকচনঃ-এইবিধ অস্ত্ৰোপচাৰত হাওঁ‌ফাওঁ‌ৰ ব্ৰংকাছ অংশৰ এটি অংশক গুছাই দিয়া হয়।

২)ৰেডিয়েচন থেৰাপীঃ-ৰেডিয়েচন থেৰাপীত কেঞ্চাৰজনিত কোষক বিনষ্ট কৰিবলৈ উচ্চ মাত্ৰাৰ ৰশ্মিৰ প্ৰয়োগ কৰা হয় । কোনো ৰোগীৰ ক্ষেত্ৰত যদি মাথোঁ ৰেডিয়েচন থেৰাপী দিয়া হয়,তেন্তে আন কাৰোবাৰ ক্ষেত্ৰত অস্ত্ৰোপচাৰ কৰাৰ পিছতো ৰেডিয়েচন থেৰাপী দিয়া হয়। স্মল চেল লাং কেঞ্চাৰ আৰু নন স্মল চেল লাং কেঞ্চাৰ এই দুয়োটি ভাগৰে চিকিৎসাতেই ৰেডিয়েচন থেৰাপীৰ প্ৰয়োগ কৰা সম্ভৱ।

৩)কেম’থেৰাপীঃ-আন আন কৰ্কটৰোগৰ দৰেই হাওঁ‌ফাওঁ‌ৰ কৰ্কটৰোগতো কেম’থেৰাপীৰ প্ৰয়োগ কৰা হয়। কেম’থেৰাপী ভিন ভিন ঔষধৰ এক সংমিশ্ৰিত ৰূপ,যিয়ে কৰ্কটৰোগজনিত কোষৰ বৃদ্ধি হোৱাত বাধা প্ৰদান কৰে আৰু বন্ধ কৰে। কেম’থেৰাপীও অস্ত্ৰোপচাৰৰ আগত বা পিছতো দিব পৰা যায়।

৪)টাৰ্গেটেড ড্ৰাগ থেৰাপীঃ-কিছুমান নন স্মল চেল লাং কেঞ্চাৰৰ ৰোগীৰ ক্ষেত্ৰত হাওঁ‌ফাওঁ‌ৰ কোষসমূহৰ স্বাভাৱিক বিভাজনত এনে বিৰূপ প্ৰক্ৰিয়া লয় যে,ইয়ে কেঞ্চাৰক বৃদ্ধি পোৱাত সহায়ক হয়। এনে কোষৰ বিভাজন আৰু বৃদ্ধিক ৰোধ কৰিবলৈ টাৰ্গেটেড ড্ৰাগ থেৰাপীৰ প্ৰয়োগ কৰা হয়।

৫)ইম্মিউন’থেৰাপীঃ- কোনো কাৰণত বিকল বা বিনষ্ট হোৱা কোষসমূহ সম্পূৰ্ণকৈ ধ্বংস কৰি দিয়াএক ব্যৱস্থা আমাৰ শৰীৰৰ ভিতৰতে থাকে। পিছে, কৰ্কটৰোগে আমাৰ স্বাভাৱিক এই ৰোগ প্ৰতিৰোধী ক্ষমতাক বিকল কৰি এনে বিনষ্ট হোৱা কোষ ধ্বংস কৰাত বাধাৰ সৃষ্টি কৰে। ইম্মিউন’থেৰাপীয়ে কেঞ্চাৰজনিত কোষসমূহক দেহৰ স্বাভাৱিক ৰোগ প্ৰতিৰোধী ক্ষমতাৰ সমুখলৈ আনে, যাতে শৰীৰে নিজেও এই ৰোগৰ মোকাবিলা কৰিব পাৰে।

ইয়াৰ লগতে লেজাৰ থেৰাপী, ফ’ট’ডাইনামিক থেৰাপী, ক্ৰায়’ছাৰ্জাৰী, ইলেক্ট্ৰ’ক’টেৰীৰ আদি চিকিৎসা প্ৰক্ৰিয়াৰো প্ৰয়োগ কৰা হয়।

মুঠতে সাৱধানতা আৰু প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন কৰক আৰু আন হাওঁ‌ফাওঁ‌ৰ কৰ্কটৰোগৰ কোনো লক্ষণ দেখা দিয়াৰ লগে লগেই ততালিকে বিভাগীয় চিকিৎসকৰ কাষ চাপক।

চিকিৎসকৰ ফোনঃ-৯৫৬০৬৩০২০৫

Share Now on

Leave a Reply