You are currently viewing মুখৰ কৰ্কটৰোগঃ- ডাঃ বিক্ৰম কুমাৰ ডেকা।

মুখৰ কৰ্কটৰোগঃ- ডাঃ বিক্ৰম কুমাৰ ডেকা।

মুখৰ কৰ্কটৰোগঃ-

ডাঃ বিক্ৰম কুমাৰ ডেকা।

(কেন্সাৰ ৰোগ বিশেষজ্ঞ,ৰ’ব’টিক শল্য চিকিৎসক, মেক্স হস্পিটেল,দিল্লী)

দেহৰ আন যিকোনো কৰ্কটৰোগৰ দৰেই,এই মুখৰ বা মুখগহ্বৰৰ কৰ্কটৰোগ। এইবিধ কৰ্কটৰোগত বিশেষকৈ আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ মানুহ যথেষ্ট পৰিমানে আক্ৰান্ত হোৱা দেখা যায়৷ মানৱদেহৰ মূৰ আৰু ডিঙি অংশত হোৱা কৰ্কটৰোগসমূহৰ ভিতৰত মুখৰ কৰ্কট অন্যতম আৰু ইয়াৰ প্ৰাদুৰ্ভাৱো বেছি। মুখৰ কৰ্কটৰোগ মানুহৰ মুখ তথা মুখগহ্বৰৰ বিভিন্ন অংশত হ’ব পাৰে। যেনে-

১)ওঁঠ,

২)দাঁ‌তৰ আলু,

৩)জিভা,

৪)গালৰ ভিতৰৰ অংশ,

৫)মুখৰ তালু বা জিভাৰ ওপৰৰ অংশ,

৬)জিভাৰ তলৰ অংশ।

যদিহে সময়মতে উপযুক্ত চিকিৎসা কৰা নহয়,তেন্তে মুখগহ্বৰৰ কৰ্কটৰোগ মুখৰ পৰা দেহৰ অন্যান্য অংশলৈ বিয়পাৰ সম্ভাৱনা প্ৰবল হৈ পৰে। প্ৰায় ১০০০০জন লোকৰ ভিতৰত ১১জন লোকৰে মুখৰ কৰ্কটৰোগ হোৱা দেখা যায়। আৰু এই আক্ৰান্তসকলৰ ৬৩% য়েই কৰ্কটৰোগ ধৰা পৰাৰ পিছত ৫ বছৰ পৰ্যন্ত সুস্থ জীৱন যাপন কৰা দেখা যায়। এতিয়া আহিছোঁ মুখৰ কৰ্কটৰোগৰ লক্ষণসমূহলৈ। অৰ্থাৎ যিবোৰ লক্ষণে দেখা দিলে,আপুনি ততালিকে চিকিৎসকৰ কাষ চপা উচিত। লক্ষণসমূহ হৈছে-

১)ওঁঠত হোৱা বা মুখৰ ভিতৰত হোৱা এনেকুৱা ঘাঁ‌,য’ত সহজেই ৰক্তক্ষৰণ হয় আৰু দুসপ্তাহ পৰ্যন্ত নুশুকাই।

২)ওঁঠ, দাঁ‌তৰ আলু বা মুখৰ ভিতৰৰ অংশত সৃষ্ট খহটা দাগ বা খহটা অংশ।

৩)মুখৰ এনে অংশ কিছুমান,য’ৰ পৰা কোনো কাৰণ নোহোৱাকৈ তেজ ওলায়।

৪)মুখৰ ভিতৰ বা মুখ আৰু ডিঙিৰ অংশত অনুভৱ হোৱা বিষ,অসাৰ অনুভৱ,বা অধিক কোমলতা।

৫)খাওঁতে,চোবাওতে আৰু গিলোতে অসুবিধা হোৱা,কথা কওতে সমস্যাৰ সৃষ্টি হোৱা,

৬)হঠাত অনাকাংক্ষিতভাৱে হোৱা ওজন হ্ৰাস,

৭)কাণৰ বিষ আৰু

৮)অহৰহ মুখৰ বেয়া গোন্ধ।

এই উপৰুক্ত লক্ষণসমূহ দেখা দিলে,ততালিকে বিভাগীয় চিকিৎসকৰ কাষ চাপক। এতিয়া আহিছোঁ সেইবোৰ কাৰকৰ কথালৈ-যিবোৰ কাৰকৰ ফলত মুখৰ কৰ্কটৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷ তেনে কেইটিমান কাৰক হৈছে-

১)ধূম্ৰপান কৰা বা ধপাত সেৱন কৰা,

২) ধপাতজাতীয় সামগ্ৰী মুখত লৈ চোবোৱা (চাধা, শিখৰ আদি),

৩)প্ৰতিদিনে অত্যধিক মাত্ৰাত সুৰাপান কৰা

৪)এইচ পি ভি ভাইৰাচ ইতিমধ্যেই দেহত থকা

৫)পৰিয়ালৰ মানুহৰ মুখৰ কেঞ্চাৰৰ ইতিহাস থকা,ইত্যাদি।

৬)ৰ’দৰ অতি বেঙুনীয়া ৰশ্মিত অধিক সময় কটোৱা।

তদুপৰি মুখৰ কৰ্কটৰৰোগ দেখা দিয়াৰ আগতে মুখত এনে কিছুমান লক্ষণ বা স্তৰে দেখা দিয়ে,যিবোৰে পৰৱৰ্তী পৰ্যায়ত কেঞ্চাৰৰ ৰূপ লোৱাৰ সম্ভাৱনা প্ৰবল কৰি তোলে। এনে দুই ভাগ হৈছে-প্ৰিকেঞ্চাৰাছ লেইচন আৰু প্ৰিকেঞ্চাৰাছ কণ্ডিচন। প্ৰিকেঞ্চাৰাছ লেইচন হৈছে স্বাভাৱিক কোষৰ পৰিৱৰ্তে সৃষ্টি হোৱা এনে কিছু কোষৰ অংশ,যিয়েই পৰৱৰ্তী পৰ্যায়ত কৰ্কটৰোগ সৃষ্টি কৰিব পাৰে। আৰু প্ৰিকেঞ্চাৰাছ কণ্ডিচন হৈছে এনে এক অৱস্থা,যিয়েই কৰ্কটৰোগ সৃষ্টি কৰাত অৰিহণা যোগায়। লিউক’প্লাকিয়া,এৰিথ্ৰ’প্লাকিয়া-এইকেইটা প্ৰিকেঞ্চাৰাছ লেইছনৰ অংশত পৰে। আৰু চাবমিউকাছ ফাইব্ৰ’ছিচ,এক্টিনিক কেৰাট’ছিচ লিচ্চেন প্লেনাছ আৰু ডিচকইড লিউপাছ এৰিথ্ৰ’মাইট’ছিচ-এইকেইটা প্ৰিকেঞ্চাৰাছ কণ্ডিচনত পৰে। মুখৰ ভিতৰৰ বগা চেপেটা দাগ,ৰঙা দাগ আদি প্ৰিকেঞ্চাৰাছ লেইচনত পৰে। এই দাগবোৰ মুখৰ কৰ্কটৰোগৰ আৰম্ভণিৰ পূৰ্বৰ অংশ।

মুখৰ কৰ্কটৰোগ হোৱাৰ আগতেই প্ৰতিৰোধ কৰিবলৈ বিভিন্ন উপায় আছে। তাৰে কেইটিমান তলত দিয়া হৈছেঃ-

১)মুখগহ্বৰৰ স্বচ্ছতাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰা।

২)তামোল বা পাণ খোৱা বন্ধ কৰা জৰুৰী।

৩)ধপাতজাতীয় সামগ্ৰী মুখেৰে চোবোৱা বা চুহি খোৱা বন্ধ কৰা জৰুৰী।

৪)ধূম্ৰপান বন্ধ কৰা খুবেই জৰুৰী।

৫)ৰ’দৰ অতি বেঙুনীয়া ৰশ্মিৰ পৰা যিমান পাৰি দূৰত থকা।

৬)নিয়মিত আসন বা ব্যায়াম কৰা।

৭) কেঞ্চাৰ প্ৰতিৰোধী খাদ্য গ্ৰহণ কৰা

৮)হিউমেন পেপিল’মা ভাইৰাচৰ সংক্ৰমণ মুখত নোহোৱাকৈ ৰখাৰ সজাগতা ৰক্ষা কৰা।

৯)নিয়মিতভাৱে দন্ত ৰোগ বিশেষজ্ঞৰ কাষ চপা।

১০)প্ৰতি মাহতে নিজৰ মুখৰ এবাৰ পৰীক্ষণ ঘৰতেই সম্পাদন কৰা।

উপৰুক্ত দিহাখিনি মানি চলক আৰু মুখগহ্বৰৰ কৰ্কটৰোগৰ পৰা নিজকে বচাই ৰাখক।

 

চিকিৎসকৰ ফোনঃ-৯৫৬০৬৩০২০৫

Share Now on

Leave a Reply