You are currently viewing নন-মেলান’মাঃ(ছালৰ কেঞ্চাৰ)   ডাঃ বিক্ৰম কুমাৰ ডেকা।

নন-মেলান’মাঃ(ছালৰ কেঞ্চাৰ) ডাঃ বিক্ৰম কুমাৰ ডেকা।

নন-মেলান’মাঃ(ছালৰ কেঞ্চাৰ)

ডাঃ বিক্ৰম কুমাৰ ডেকা।

(কেন্সাৰ ৰোগ বিশেষজ্ঞ,ৰ’ব’টিক শল্য চিকিৎসক, মেক্স হস্পিটেল,দিল্লী)

ইতিমধ্যে ছালৰ এবিধ কৰ্কটৰোগ মেলান’মাৰ বিষয়ে কিছু কথা আপোনালোকক জনাইছো। এইবাৰ ছালৰ কৰ্কটৰোগৰে আন এটি ভাগ-নন-মেলান’মাৰ বিষয়ে কিছু কথা জনাবলৈ ওলাইছো। নন-মেলান’মা হৈছে কেইবাবিধো কেঞ্চাৰৰোগৰ সংমিশ্ৰণত গঢ় লৈ উঠা কেঞ্চাৰ, মেলান’মাৰ তুলনাত ইয়াৰ প্ৰাদুৰ্ভাৱ বেছি হয় আৰু ইয়াৰ বিষয়ে কমকৈ জনা যায়৷ ফলত ই প্ৰাণঘাতী হ’ব পাৰে। নন-মেলন’মা-অৰ্থাৎ ই মেলান’মা নহয় আৰু ইয়াৰ প্ৰকাৰ আৰু প্ৰসাৰৰ পৰিধি বিশাল। নন মেলান’মা ছালৰ কৰ্কটৰোগ সাধাৰণতে সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ পোহৰত অধিক সময় কটালে হোৱাৰ সম্ভাৱনা বেছি হয়। এই অতি বেঙুনীয়া ৰশ্মি মেলান’মাৰো কাৰণ(পূৰ্বে উল্লেখ কৰা হৈছে)। আনহাতে যিবোৰ মানুহৰ বিভিন্ন কাৰণত(অংগ সংৰোপন,এইডছ আই ভি আদি) দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি গৈছে বা অৱদমিত হৈছে-তেওঁ‌লোকৰো নন-মেলান’মা ছালৰ কৰ্কটৰোগ হোৱাৰ সম্ভাৱনা অধিক থাকে।

নন-মেলান’মা ছালৰ কৰ্কটৰোগৰ পৰিসৰ বিশাল বাবে ইয়াৰ ভিতৰত মেলান’মাৰ তুলনাত ছালত হ’ব পৰা বিভিন্ন কেঞ্চাৰ পৰে। সেয়ে এই কেঞ্চাৰ ৰোগৰ অধিক প্ৰকাৰো অধিক আৰু ইয়াৰ লক্ষণ সমূহো সেয়ে অধিক। ইয়াৰ প্ৰকাৰ কেইবিধমান হৈছে,যেনে-

১)বেইছেল চেল কাৰ্চিন’মাঃ-বেইছেল চেল কাৰ্চিন’মা অৰ্থাৎ কেঞ্চাৰ ৰোগত সাধাৰণতে গুলপীয়া বা বগা মমৰ দৰে গুটি গুটি ছালত দেখা দিয়ে। কেতিয়াবা যদি পৰিস্কাৰ হয় আন কেতিয়াবা খহটা হয়। ইয়াৰ কোনো কোনো অংশত ডাঠ ৰঙৰ দৰে দেখা যাব পাৰে আৰু ই আকাৰত বৃদ্ধি পায়। কেতিয়াবা ইয়াৰ পৰা কোনো বিষ আদি নোহোৱাকৈ ৰক্তক্ষৰণো হোৱা দেখা যায়। এই কৰ্কটৰোগ দেহৰ আন অংশলৈ নিবিয়পে।

২)স্ক’মাছ চেল কাৰ্চিন’মাঃ-এইবিধ কেঞ্চাৰৰোগত ছালত ডাঠ আৰু টান গুলপীয়া ৰঙৰ টেমুনা দেখা যায়। যাৰ ওপৰৰ অংশৰ পৰা কেতিয়াবা এক শুঙৰ দৰে টান অংশও ওলাই থাকিব পাৰে। এই টেমুনা স্পৰ্শ কৰিলে কোমল যেনেই লাগে আৰু সহজেই ৰক্তক্ষৰণ হোৱাৰ লগতে,ভৱিষ্যতলৈ ঘাঁ‌ বা আলচাৰ হোৱাৰ সম্ভাৱনা থাকে।

এতিয়া আহিছো নন মেলান’মা ছালৰ কৰ্কটৰোগ কাৰ ক্ষেত্ৰত হোৱাৰ সম্ভাৱনা থাকে সেই দিশলৈ।

১)যদিহে আপোনাৰ পূৰ্বে নন-মেলান’মা হৈছিল,

২)যদিহে আপোনাৰ নিকটাত্মীয় কাৰোবাৰ নন-মেলান’মা হৈছিল,

৩)ছালৰ শুভ্ৰ ৰঙ,আপোনাৰ দেহত যদি ফ্ৰেকলছ্ বা তিলজাতীয় দাগ আছে

৪)অধিক সময় সূৰ্যৰ প্ৰখৰ ৰশ্মিত থকাৰ অভ্যাস

৫)দেহৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থাৰ দুৰ্বলতা

৬)এনে কিছু স্বাস্থ্যজনিত সমস্যা,যিয়ে দেহৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থাক অৱদমিত কৰি ৰাখে

নন-মেলান’মাৰ পৰা নিজকে বচাই ৰাখিবলৈ কিছুমান সাৱধানতা নিজেই অৱলম্বন কৰিব পাৰি। যেনে-

১)দিনৰ ১০বজাৰ পৰা ৪বজালৈকে সূৰ্যৰ প্ৰখৰ বেঙুনীয়া ৰশ্মিৰ পৰা দূৰৈত থকা

২)বাহিৰলৈ ওলালে সূৰ্যৰ ৰশ্মিৰ পৰা বাচি থাকিব পৰা সামগ্ৰী(ছানস্ক্ৰীণ,ছাতি,ইত্যাদি)দেহত ব্যৱহাৰ কৰা,

৩)দেহৰ হাত,মুখ,ডিঙি আদি সূৰ্যৰ ৰশ্মিৰ পৰা বচাই ৰখা,

৪)নিজৰ দেহৰ ছাল এটা নিৰ্দ্দিষ্ট সময়ৰ মূৰে মূৰে পৰীক্ষা কৰাৰ প্ৰক্ৰিয়া শিকা

৫)চিকিৎসকৰ পৰামৰ্শ লোৱা

 

এতিয়া আহিছোঁ, নন-মেলান’মা ছালৰ কৰ্কটৰোগৰ কিছু লক্ষণৰ কথালৈ। দেহত নন-মেলান’মা আৰম্ভ হ’লে তলত দিয়া ধৰণৰ লক্ষণসমূহ দেখা দিয়ে-

১ বহু সপ্তাহলৈকে মুকলি হৈ থকাৰ লগতে ইয়াৰ পৰা তেজো ওলাই থকা মুকলে ঘাঁ

২)ছালৰ ৰঙচুৱা,বা ৰঙা খহটা অংশ-যি খজুৱাব পাৰে,পিছে অতি কাচিত হে কষ্ট অনুভৱ কৰে।

৩)উজ্জ্বল গুলপীয়া,ৰঙা বা বগা ৰঙৰ ওখহা অংশ

৪)ভালদৰে পৰিসীমা নথকা ঘাঁ‌ৰ দৰে অংশ

৫)আচিনাইৰ দৰে গঠন

৬)ডাঠ আৰু টান গুলপীয়া ৰঙৰ টেমুনা

৭)সহজে এনে ধৰণৰ টেমুনাৰ পৰা ৰক্তক্ষৰণ হোৱা

৮)দীৰ্ঘকালৰ বাবে ভাল নোহোৱা মুকলি ঘাঁ‌

উপৰুক্ত লক্ষণসমূহ দেখা দিলে ততালিকে বিভাগীয় চিকিৎসকৰ ওচৰ চাপক। উপৰুক্ত লক্ষণবোৰ বেইছেল চেল কাৰ্চিন’মা,স্ক’মাছ চেল কাৰ্চিন’মা আদিত দেখা যায়-যি নন-মেলান’মাৰ সমষ্টি। চিকিৎসকে সাধাৰণতে কেঞ্চাৰ সন্দেহ কৰিলে-বায়’পছিৰ পৰামৰ্শ প্ৰদান কৰে। নন-মেলান’মা ছালৰ কৰ্কটৰোগৰ তিনিবিধমান বায়’পছি কৰা যায়। যেনেঃ-

১)চেভ বায়পছি,

২) পাঞ্চ বায়পছি,আৰু

৩)এক্সেচনেল বায়’পছি।

আৰু বায়’পছিত ধৰা পৰিলে,পৰৱৰ্তী সময়ত যাৱতীয় চিকিৎসা প্ৰদান কৰা হয়। যেনে-

১)ৰেডিঅ’থেৰাপী,

২)ফ’ট’ডায়নামিক থেৰাপী,

৩)অস্ত্ৰোপচাৰ,

৩)টাৰ্গেটেড কেঞ্চাৰ থেৰাপী,

৪)ৰেডিয়েচন থেৰাপী,

৫)ইমিউন’থেৰাপী ইত্যাদি,

গতিকে, আপোনাৰ দেহতো যদি এনে যিকোনো লক্ষণ বা কাৰকে দেখা দিয়ে,ততাতৈয়াকৈ চিকিৎসকৰ কাষ চাপক আৰু প্ৰয়োজনীয় চিকিৎসা গ্ৰহণ কৰক। সোনকালে ৰোগ নিৰ্ধাৰণ হ’লে চিকিৎসাও সেই অনুপাতে সহজ আৰু অধিক ফলপ্ৰসূ হয়।

 

চিকিৎসকৰ ফোনঃ- ৯৫৬০৬৩০২০৫

Share Now on

Leave a Reply