You are currently viewing ছালৰ কৰ্কটৰোগ বা মেলান’মাঃ- ডাঃ বিক্ৰম কুমাৰ ডেকা।

ছালৰ কৰ্কটৰোগ বা মেলান’মাঃ- ডাঃ বিক্ৰম কুমাৰ ডেকা।

ছালৰ কৰ্কটৰোগ বা মেলান’মাঃ-

ডাঃ বিক্ৰম কুমাৰ ডেকা।

(কেন্সাৰ ৰোগ বিশেষজ্ঞ,ৰ’ব’টিক শল্য চিকিৎসক, মেক্স হস্পিটেল,দিল্লী)

 

মানৱদেহৰ অন্যান্য অংগৰ লগতে ছালৰ কৰ্কটৰোগো এক অন্যতম স্বাভাৱিক কৰ্কটৰোগ। এই কৰ্কটৰোগ বা কেঞ্চাৰৰ দুটা প্ৰকাৰ আছে-মেলন’মা আৰু নন-মেলান’মা। আজি এই লিখাত মেলান’মাৰ বিষয়ে কিছু কথা জনাবলৈ ওলাইছোঁ৷ মেলান’মা হৈছে মানৱদেহত আটাইতকৈ বেছি তীব্ৰতা বা ক্ষিপ্ৰতাৰে বিয়পা কেঞ্চাৰ ৰোগ। আন কেঞ্চাৰৰ তুলনাত অধিক তীব্ৰতাৰে এই ৰোগ দেহৰ ভিন্ন অংগলৈ অতি সহজেই সম্প্ৰসাৰিত হ’ব পাৰে। যদিওবা এই কেঞ্চাৰৰোগত মৃত্যুৰ সম্ভাৱনা প্ৰবল হয়,তথাপিও আগতীয়াকৈ ধৰা পৰিলে,ইয়াৰ সম্পূৰ্ণ নিৰাময় সম্ভৱ।

মেলান’মাৰ অৰ্থ হৈছে-ব্লেক টিউমাৰ বা ক’লা টেমুনা। মেলান’চাইটিছ নামৰ ছালৰ কোষৰ পৰা সৃষ্ট এই কেঞ্চাৰৰোগবিধ আটাইতকৈ বেছি ভয়ানক ছালৰ কেঞ্চাৰ । মেলান’চাইটিছ নামৰ এই কোষবিধে মেলানিন নামৰ পদাৰ্থবিধ প্ৰস্তুত কৰে। এই মেলানিনে ছালৰ ৰঙ নিৰ্বাচন কৰে। প্ৰায় ৩০% মেলান’মা(ছালৰ কেঞ্চাৰ)ৰোগ দেহত ইতিমধ্যে থকা তিল বা মাহতেই সৃষ্টি হয়,আৰু বাকীবোৰ সৃষ্টি হয় যিকোনো সাধাৰণ ছালতেই। নিজৰ ছালত হোৱা পৰিৱৰ্তনলৈ চকু ৰাখিব লাগে যাতে ই মেলান’মালৈ পৰ্যৱসিত নহয়। কাৰণ,অতি প্ৰাৰম্ভিক পৰ্যায়ত থাকোতেই মেলান’মা ধৰা পৰিলে,ইয়াৰ ৯৯% পৰ্যন্ত নিৰাময় সম্ভৱ। মেলান’মা দেহৰ যিকোনো অংশ,অংগ আনকি চকু আৰু গোপন অংগতো হ’ব পাৰে। মহিলাৰ ভৰিত অধিকাংশ মেলান’মা হোৱা দেখা যায় আৰু পুৰুষৰ অধিকাংশ কৰঙন অংশত মেলান’মা হোৱা দেখা যায়৷ যদিওবা মেলান’মাৰ নিৰ্দ্দিষ্ট কাৰক কি জনা নেযায়-তথাপিও অত্যধিক ৰ’দৰ তাপত থাকিলে বা সূৰ্যৰ ৰশ্মি অধিক শৰীৰত পৰিলে,মেলান’মাৰ সম্ভাৱনা বৃদ্ধি পাই। ৮৬%মেলান’মায়েই সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ তলত থকাৰ ফলতে হোৱা দেখা যায়।

মেলান’মাৰ কেইটিমান লক্ষণ হৈছে-

১)এনে তিল ব মাহ,যাৰ আকাৰ অনিয়মিত আৰু কাষবোৰ অপৰিমিত।

২)এনে তিল বা মাহ,যাৰ কেইবাবিধো ৰঙ থাকে,(সাধাৰণতে এটা তিল বা মাহ এটা ৰঙৰেই হয়।)

৩)এনে তিল বা মাহ,যি আকাৰত বৃহৎ।

৪)এনে তিল বা মাহ-যাৰ আকাৰ সলনি হৈ থাকে আৰু তিল বা মাহৰ পৰিৱৰ্তন ঘটে। যেনে-ফুলি যোৱা,খজুৱাই থকা,তেজ ওলোৱা,ফাটি যোৱা ইত্যাদি।

এই লক্ষণসমূহ দেখা দিলে ততালিকে বিভাগীয় বিশেষজ্ঞ চিকিৎসকৰ কাষ চাপক। লগতেই তলত উল্লেখ কৰিবলৈ লোৱা কাৰককেইটা যদিহে আপুনি ভুক্তভোগী তেন্তে আপুনি মেলান’মাত ভোগাৰ সম্ভাৱনীয়তা আৰু অধিক বৃদ্ধি পায়

১)যদিহে আপোনাৰ পূৰ্বে মেলান’মা হৈছিল,

২)যদিহে আপোনাৰ নিকটাত্মীয় কাৰোবাৰ মেলান’মা হৈছিল,

৩)ছালৰ শুভ্ৰ ৰঙ,দেহত থকা ফ্ৰেকলছ্ বা তিলজাতীয় দাগৰ গৰাকী যদি আপুনি,

৪)অধিক সময় সূৰ্যৰ প্ৰখৰ ৰশ্মিত থকাৰ অভ্যাস,

৫)দেহৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থাৰ দুৰ্বলতা।

৬)দেহত বহুতো তিল বা মাহ থকা।

যদিহে দেহত এনে লক্ষণসমূহে দেখা দিয়ে,তেন্তে চিকিৎসকে নিৰ্দ্দিষ্ট অংশৰ পৰা মেলান’মা হয় নে নহয় চাবলৈ বায়’পছি পৰীক্ষণ কৰিব। আৰু বায়’পছি পৰীক্ষণত যদিহে মেলান’মা ধৰা পৰে,তেন্তে ই কোন স্তৰত আছে সেয়া নিৰ্ধাৰণ কৰি চিকিৎসা প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰিব। টিউমাৰৰ গাঢ়তা আৰু অন্যান্য দিশৰ প্ৰতি লক্ষ্য ৰাখি এই ৰোগৰ স্তৰ নিৰ্ধাৰণ কৰিব পৰা যায়। তদুপৰি প্ৰয়োজন সাপেক্ষে,চি টি স্কেন,এম আৰ আই,পেট স্কেন আদি পৰীক্ষণৰ যোগেদিও মেলান’মা ধৰা পেলাব পাৰি। মেলান’মাৰ পাঁ‌চটা স্তৰ বা পৰ্যায় থাকে। প্ৰথম পৰ্যায়ত ছালৰ একেবাৰেই ওপৰৰ ভাগতেই থাকে মেলান’মা।

এতিয়া আহিছোঁ মেলান’মাৰ চিকিৎসাৰ বিষয়লৈ। পূৰ্বেই উল্লেখ কৰা হৈছে যে-মেলান’মাৰ স্তৰ বা পৰ্যায়ৰ ওপৰত ভিত্তি কৰি ইয়াৰ চিকিৎসা কৰা হয়। এই চিকিৎসাৰ প্ৰক্ৰিয়াও ভিন ভিন আছে। যেনে-

১)অস্ত্ৰোপচাৰ,

২)লিম্ফাডেনেক্টামী,

৩)টাৰ্গেটেড কেঞ্চাৰ থেৰাপী,

৪)ৰেডিয়েচন থেৰাপী,

৫)ইমিউন’থেৰাপী ইত্যাদি।

এই মেলান’মাৰ পৰা বাচি থাকিবলৈ সূৰ্যৰ প্ৰখৰ ৰশ্মিৰ পৰা বিশেষকৈ দিনৰ ১০বজাৰ পৰা ৪ বজালৈকে নিজকে যিমান পাৰি বচাই ৰখা জৰুৰী। বাকী ওপৰত উল্লিখিত লক্ষণৰ যৎসামান্যও দেখা দিলে,ততালিকে চিকিৎসকৰ ওচৰ চাপক। কাৰণ,কেঞ্চাৰ মানেই মৃত্যু নহয় আৰু মেলান’মা একেবাৰে প্ৰাৰম্ভিক পৰ্যায়ত ধৰা পৰিলে ইয়াৰ চিকিৎসা সম্ভৱ।

চিকিৎসকৰ ফোনঃ-৯৫৬০৬৩০২০৫

Share Now on

Leave a Reply