You are currently viewing চাৰ্ভিকেল কেঞ্চাৰৰ লক্ষণ আৰু চিকিৎসা

চাৰ্ভিকেল কেঞ্চাৰৰ লক্ষণ আৰু চিকিৎসা

চাৰ্ভিকেল কেঞ্চাৰ বা জৰায়ুৰ মুখৰ কেঞ্চাৰ ৰোগৰ বিষয়ে পূৰ্বৱৰ্তী লেখাত এই ৰোগ সম্পৰ্কে আৰু ইয়াৰ মূল কাৰণ তথা পৰীক্ষণ আৰু ভেকচিন সম্পর্কে কিছু তথ্য উল্লেখ কৰিছিলোঁ। এইবাৰ এই লেখাত এই ৰোগৰ লক্ষণসমূহৰ লগতে ৰোগটোৰ চিকিৎসা প্ৰক্ৰিয়াৰ বিষয়ে জনাবলৈ ওলাইছোঁ। অধিকাংশ ৰোগৰ ক্ষেত্ৰতেই, মানৱ দেহত ফুটি উঠা বিভিন্নধৰণৰ লক্ষণৰ ভিত্তিতেই ব্যক্তি এজন কি ৰোগত আক্ৰান্ত হৈছে, সেই বিষয়ে জনা যায়। সাধাৰণ কিছু ৰোগৰ লক্ষণ মানুহে নিজেই জানে বা অৱগত। চাৰ্ভি কেল কেঞ্চাৰৰো কেইটিমান এনে লক্ষণ বা উপসর্গ আছে, যিবোৰ লক্ষণ দেহত দেখা দিলে জানিব পাৰিব যে সম্ভৱতঃ আপুনি এই ৰোগত আক্ৰান্ত হৈছে আৰু ততালিকে নির্দিষ্ট বিভাগৰ চিকিৎসকৰ কাষ চপা জৰুৰী, যাতে চিকিৎসকে প্রয়োজনীয় পৰীক্ষা- নিৰীক্ষা কৰি এই ৰোগৰ অৱস্থিতি আপোনাৰ দেহত আছেনে নাই সেয়া নিশ্চিত কৰি, প্ৰয়োজনীয় চিকিৎসা আগবঢ়াব পাৰে। গতিকেই তলত চাৰ্ভিকেল কেঞ্চাৰ ৰোগৰ কেইটিমান লক্ষণৰ বিষয়ে উল্লেখ কৰিছোঁ—
১) ৰজোনিবৃত্তিৰ পিছত, যৌন- সংগমৰ পিছত আৰু দুটি মাহেকীয়া চক্ৰৰ মাজত যোনিদ্বাৰৰ পৰা হোৱা ৰক্তক্ষৰণ চাৰ্ভিকেল কেঞ্চাৰৰ এটি লক্ষণ।
২) যোনিদ্বাৰৰ পৰা পনীয়া, তেজযুক্ত দ্ৰব্য নিঃসৰণ, যি খুব বেছি পৰিমাণে হ’ব পাৰে আৰু লগতেই অতি দুর্গন্ধময় হ’ব পাৰে, ই চাৰ্ভিকেল কেঞ্চাৰৰ আন এটি লক্ষণ।
৩) যৌনসংগমৰ সময়ত বিষ অনুভৱ কৰা বা শ্রোণীদেশত হোৱা বিষ চাৰ্ভিকেল কেঞ্চাৰৰ আন এটি লক্ষণ।
ওপৰত উল্লেখ কৰা লক্ষণসমূহ যদিহে আপোনাৰ দেহতো দেখা দিছে, তেন্তে ততাতৈয়াকৈ কোনো কেঞ্চাৰ ৰোগ বিশেষজ্ঞৰ কাষ চাপক আৰু যাৱতীয় পৰামৰ্শ গ্ৰহণ কৰক। কাৰণ, যিমান সোনকালে ৰোগ নিৰ্ধাৰণ হয়, সিমান সোনকালেই চিকিৎসা প্ৰক্ৰিয়াও আৰম্ভ কৰিব পাৰি। চাৰ্ভিকেল কেঞ্চাৰ ৰোগৰ আকৌ কেইবাটাও প্ৰকাৰ আছে। তাৰেই ভিতৰত প্ৰধান দুবিধ হৈছে—
১) স্কুৱামাছ চেল কাৰ্চিন’মা আৰু
২) এডিন’কাৰ্চিন’মা।
কিছুমান এনে বিশেষ কাৰণ থাকে, যাৰ ফলত চাৰ্ভিকেল কেঞ্চাৰ ৰোগ দেহত দেখা দিয়াৰ সম্ভাৱনা অধিক হৈ পৰে। তেনে কেইটিমান কাৰণৰ বিষয়ে উল্লেখ কৰিব বিচাৰিছোঁ—
১) বহু আৰু ভিন্ন যৌন-সংগী বা সম্পর্ক । ২) খুব কম বয়সতেই আৰম্ভ হোৱা যৌনসম্পর্ক।
৩) HIV/AIDS কে আদি কৰি অন্যান্য যৌনভাৱে সংক্রমিত হোৱা ৰোগ।
৪) দেহৰ দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা।
৫) ধূম্রপান ইত্যাদি।
ইয়াৰে আৰম্ভণিৰ তিনিওটা কাৰণৰ ক্ষেত্ৰতেই ব্যক্তিজন পূর্বে উল্লেখ কৰা HPVৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা প্রবল, যিয়েই চার্ভিকেল কেঞ্চাৰ ৰোগৰ অন্যতম মূল কাৰণ। এতিয়া আহিছোঁ এই ৰোগৰ চিকিৎসা প্ৰক্ৰিয়াৰ বিষয় লৈ। লক্ষণসমূহ দেহত দেখা দিয়াৰ পিছত চিকিৎসকৰ কাষ চাপিলে চিকিৎসকে প্রয়োজনীয় পৰীক্ষা- নিৰীক্ষাৰ পৰামৰ্শ দিব। পৰীক্ষণৰ ফলাফলত এই ৰোগৰ অৱস্থিতি ৰোগীজনৰ দেহত দেখা দিলে, চিকিৎসকে ৰোগৰ প্রাবল্য আৰু স্তৰ অনুযায়ী এই ৰোগৰ ক্ষেত্ৰত কেনেধৰণৰ চিকিৎসাৰ প্ৰয়োজন, সেই ধৰণেই চিকিৎসা আৰম্ভ কৰিব। ইয়াৰে ভিতৰৰ কেইবিধমান চিকিৎসা প্ৰক্ৰিয়াৰ বিষয়ে তলত উল্লেখ কৰিছোঁ—
১) অস্ত্ৰোপচাৰ,
২) ৰেডিয়েচন,
৩) কেম’থেৰাপী,
৪) ইমিউন’থেৰাপী,
৫) টার্গেটেড থেৰাপী ইত্যাদি।
প্রথমে আহিছোঁ অস্ত্ৰোপচাৰৰ বিষয়লৈ । চাৰ্ভিকেল কেঞ্চাৰ ৰোগত অস্ত্ৰোপচাৰত মূলতঃ এই কেঞ্চাৰ ৰোগে সৃষ্টি কৰা টিউমাৰৰ লগতেই জৰায়ুৰ মুখৰ কিছু স্বাস্থ্যৱান কোষৰ তৰপৰো নিষ্কাশন কৰা হয়। এনে কেইবিধমান অস্ত্রোপচাৰ হৈছে—
১) ক্র’নাইজেচন,
২) লুপ ইলেক্ট্ৰ’ছার্জিকেল এক্সিচন প্রচিডিঅ’ৰ,
৩) হিষ্টেৰেক্ট’মী আৰু বিলেটেৰেল চেলপিংগ’ অফ’ৰেক্টমী।
৫) ৰেডিকেল ট্রেছেলেক্টমী।
৬) পেলভিক এক্সেলটেছেন।
এতিয়া আহিছোঁ, চাৰ্ভিকেল কেঞ্চাৰৰ দৰবকেন্দ্ৰিক চিকিৎসা পদ্ধতি কেইটিমানৰ কথালৈ। এনে কেইটিমান চিকিৎসা পদ্ধতি হৈছে
১) কেম’থেৰাপী (যি আন আন কেঞ্চাৰ ৰোগৰ ক্ষেত্ৰতো প্ৰদান কৰা হয়)
২) টার্গেটেড থেৰাপী আৰু
৩) ইমিউন’থেৰাপী।
এইখিনিৰ উপৰি, ৰেডিয়েচন থেৰাপীৰ দ্বাৰাও চাৰ্ভিকেল কেঞ্চাৰৰ চিকিৎসা কৰা হয়। এই ৰেডিয়েচন ঠিক এক্স-ৰে’ৰ দৰেই। মাথোঁ এই ৰেডিয়েচন প্ৰক্ৰিয়াত অতি শক্তিশালী ৰঞ্জক ৰশ্মিৰ ব্যৱহাৰ কৰা হয়, যি ৰশ্মি কেঞ্চাৰজনিত কোষসমূহক নাশ কৰিবলৈ ৰোগগ্রস্ত ব্যক্তিজনৰ দেহৰ নিৰ্দিষ্ট অংশত প্রয়োগ কৰা হয়। কথা হ’ল, এতিয়াও কেঞ্চাৰ ৰোগ বুলিলেই মানুহে কেঞ্চাৰ প্ৰাণঘাতী ৰোগ বুলিয়েই ভাবে বা গণ্য কৰে। পিছে বৰ্তমান সময়ত চিকিৎসা-বিজ্ঞানৰ বহুল উন্নয়ন ঘটিছে আৰু কেঞ্চাৰৰো ন ন চিকিৎসা-পদ্ধতিৰ সংযোজন ঘটিছে চিকিৎসা-বিজ্ঞানত। এনেয়ো কেঞ্চাৰ ৰোগৰ স্তৰ আৰু ইয়াৰ প্রাবল্যৰ ওপৰত ভিত্তি কৰিহে এই ৰোগ প্ৰাণঘাতী হয়নে নহয়, সেই কথা নিৰ্ভৰ কৰে। চাৰ্ভিকেল কেঞ্চাৰৰ ক্ষেত্ৰত আটাইতকৈ ভাল লগা কথাটো হৈছে যে চার্ভিকেল কেঞ্চাৰৰ নিৰাময় সম্ভৱ। গতিকেই, যদিহে আপোনাৰ দেহত ওপৰত উল্লেখ কৰা ভিন্ন লক্ষণে দেখা দিছে, তেন্তে অনতিপলমে কেঞ্চাৰ ৰোগ বিশেষজ্ঞৰ কাষ চাপক আৰু চিকিৎসা প্রক্রিয়া আৰম্ভ কৰক। কিয়নো, এই কেঞ্চাৰ ৰোগৰ পিছতো এক সুস্থ, সহজ জীৱন সম্ভৱ।
Share Now on

Leave a Reply