You are currently viewing কেঞ্চাৰৰ ৰ’ব’টিক শল্য চিকিৎসা : ডাঃ বিক্ৰম কুমাৰ ডেকা

কেঞ্চাৰৰ ৰ’ব’টিক শল্য চিকিৎসা : ডাঃ বিক্ৰম কুমাৰ ডেকা

ইতিমধ্যে আপোনাসৱলৈ আগবঢ়োৱা লিখনীসমূহৰ জৰিয়তে নিশ্চয় জানিব পাৰিছে যে-মই কেঞ্চাৰৰোগৰ এগৰাকী শল্য চিকিৎসক আৰু এই শল্য চিকিৎসাৰ নব্য ধাৰা- ৰ’ব’টিক শল্য চিকিৎসাৰ বিশেষজ্ঞ। অৰ্থাৎ ৰ’ব’টৰ সহায়ত, কেঞ্চাৰ ৰোগৰ যি অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়, সেই চিকিৎসা প্ৰক্ৰিয়াৰ সৈতে মই জড়িত৷ এই শল্য চিকিৎসা প্ৰক্ৰিয়া  অস্ত্ৰোপচাৰৰ ক্ষেত্ৰখনলৈ অহা এক যুগান্তকাৰী পৰিৱৰ্তন। এই চিকিৎসা প্ৰক্ৰিয়া কি,কিয় এই ৰ’ব’টিক চিকিৎসা কৰা হয় অৰ্থাৎ ইয়াৰ গুণাগুণ বা লাভালাভ কি কি আৰু কিদৰে এই প্ৰক্ৰিয়া সম্পন্ন কৰা হয়-সেই বিষয়ে কিছু সবিশেষ কথা আজি এই লিখাৰ মাজেৰে জনাবলৈ ওলাইছোঁ৷

ইতিমধ্যে আপোনাসৱলৈ আগবঢ়োৱা লিখনীসমূহৰ জৰিয়তে নিশ্চয় জানিব পাৰিছে যে-মই কেঞ্চাৰৰোগৰ এগৰাকী শল্য চিকিৎসক আৰু এই শল্য চিকিৎসাৰ নব্য ধাৰা- ৰ’ব’টিক শল্য চিকিৎসাৰ বিশেষজ্ঞ। অৰ্থাৎ ৰ’ব’টৰ সহায়ত, কেঞ্চাৰ ৰোগৰ যি অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়, সেই চিকিৎসা প্ৰক্ৰিয়াৰ সৈতে মই জড়িত৷ এই শল্য চিকিৎসা প্ৰক্ৰিয়া  অস্ত্ৰোপচাৰৰ ক্ষেত্ৰখনলৈ অহা এক যুগান্তকাৰী পৰিৱৰ্তন। এই চিকিৎসা প্ৰক্ৰিয়া কি,কিয় এই ৰ’ব’টিক চিকিৎসা কৰা হয় অৰ্থাৎ ইয়াৰ গুণাগুণ বা লাভালাভ কি কি আৰু কিদৰে এই প্ৰক্ৰিয়া সম্পন্ন কৰা হয়-সেই বিষয়ে কিছু সবিশেষ কথা আজি এই লিখাৰ মাজেৰে জনাবলৈ ওলাইছোঁ৷

এতিয়া আহিছোঁ ৰ’ব’টিক অস্ত্ৰোপচাৰৰ কেইটামান গুণাগুণ বা লাভালাভৰ দিশলৈ-

১) আন যিকোনো অস্ত্ৰোপচাৰৰ পাছত হোৱা ৰোগ সংক্ৰমণৰ হাৰ ৰ’ব’টিক অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত বহু পৰিমাণে কম হয়৷

২) পৰম্পৰাগত অস্ত্ৰোপচাৰৰ পিছত হোৱা তাৎক্ষণিক বা দীৰ্ঘকালীন বিষ বা যন্ত্ৰণাৰ তুলনাত ৰ’বটিক অস্ত্ৰোপচাৰৰ পাছত হোৱা বিষ-যন্ত্ৰণাৰ পৰিমাণ ভালেখিনি কম৷

৩) এই অস্ত্ৰোপচাৰ পাছত তুলনামূলকভাৱে কম সময়ৰ বাবে চিকিৎসালয়ত ভৰ্তি হৈ থাকিব লাগে৷ কম সময়ৰ পাছতে ৰোগী  চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি যাব পৰা হয়৷

৪) এই অস্ত্ৰোপচাৰৰ পিছত দেহৰ অংগসমূহৰ কাৰ্যকৰীতাও খুব তাৎক্ষণিকভাৱে আৰম্ভ হয়,

৫) বিশেষকৈ কেঞ্চাৰ ৰোগৰ লগতে যদিহে ৰোগীজনৰ আন আন ৰোগো থাকে,তেন্তে তেনে ৰোগীৰ বাবে ৰ’ব’টিক অস্ত্ৰোপচাৰ উত্তম পন্থা।

৬) এই অস্ত্ৰোপচাৰত কম পৰিমাণৰ কটা-চিঙা হোৱাৰ কাৰণে ৰক্তক্ষৰণো কম হয়।

এতিয়া আহিছোঁ, ২০০০চনত আৱিষ্কাৰ হোৱা ৰ’ব’টিক অস্ত্ৰোপচাৰৰ সঁ‌জুলি দা ভিন্সি ৰ’ব’টিক চিষ্টেমৰ বিষয়লৈ। দা ভিন্সি ৰ’ব’টৰ এক কাৰ্যকুশলতা হৈছে যে-ই সকলোধৰণৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰিব পৰাত এক বৃহৎ সহযোগিতা আগবঢ়ায়। লিঅ’নাৰ্ড’ দা ভিন্সিয়ে কৰা মানৱদেহৰ এনা’টমীৰ চৰ্চাৰ সন্মানাৰ্থে এই ৰ’ব’টিক অস্ত্ৰোপচাৰ চিষ্টেমৰ নামাকৰণো তেওঁ‌ৰ নামেৰে কৰা হয়। এই ৰ’ব’টিক চিষ্টেমৰ জৰিয়তে বৰ্তমানলৈকে এক বৃহৎসংখ্যক অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছে। দা ভিন্সি চিষ্টেমে চিকিৎসকৰ হাতৰ ধৰণ,গতি,সকলো অনুকৰণ কৰে৷ লগতে, একধৰণৰ গতিশীলতা চেষ্টেমটোৰ নিজৰ ক্ষেত্ৰতো থাকে। অৰ্থাৎ,চিকিৎসকে ডাঙৰকৈ এই সঁ‌জুলিবোৰ ঘুৰোৱা-মেলা বা গতি কৰাত এক বিশেষ প্ৰসাৰৰ ব্যৱস্থা উপলব্ধ। ই যিকোনো জটিল অস্ত্ৰোপচাৰ সুকলমে সম্পন্ন কৰাত সহায় কৰে। দা ভিন্সি চিষ্টেমত এনেধৰণৰ সঁ‌জুলি থাকে,যাৰ যোগেদি অস্ত্ৰোপচাৰ কৰাৰ প্ৰক্ৰিয়টোৰ ত্ৰিমাত্ৰিক চিত্ৰ বা 3D ইমেজ মণিটৰত চাই চিকিৎসকে অস্ত্ৰোপচাৰ সম্পন্ন কৰে। এনেদৰে দেহৰ অভ্যন্তৰৰ যি অংশৰ অস্ত্ৰোপচাৰ কৰা হয়-তাৰ পুংখানুপুংখ এক ছবি স্পষ্টৰূপত চিকিৎসকৰ আগত জিলিকি থাকে। গতিকে,অস্ত্ৰোপচাৰত কোনো খুঁ‌ত ৰোৱাৰ সম্ভাৱনাও নেথাকে। এনেদৰে, ৰোগীৰ দেহত মাত্ৰ এটা বা দুই-তিনিটামান ফুটা কৰিয়েই এক বৃহৎ তথা জটিল অস্ত্ৰোপচাৰ সহজেই সম্পন্ন কৰিব পৰা যায়। চাৰ্জন কনচ’ল(চিকিৎসকৰ সহায়),পেচেন্ট কেয়াৰ(ৰোগীৰ অস্ত্ৰোপচাৰৰ সঁ‌জুলি)আৰু ভিজন কাৰ্ট(3D মণিটৰ),পেচেন্টচ্ কাৰ্ট(ৰোগীৰ সৰঞ্জাম)-এই চাৰিওটি অংশৰে দা ভিন্সি চিষ্টেম তৈয়াৰী হয়। ২০০০চনৰ পৰা দা ভিন্সিৰ ৫ বিধ ভিন ভিন ৰ’বটিক চিষ্টেম আছে,যাৰ বৰ্তমানৰ অত্যাধুনিক xi চিষ্টেমত ত মই অস্ত্ৰোপচাৰ সম্পন্ন কৰোঁ৷ এতিয়া মাত্ৰ এটি ফুটা কৰিয়েই সমগ্ৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰিব পৰাবিধৰ দা ভিন্সি চিষ্টেমো উপলব্ধ। 

ৰ’ব’টিক অস্ত্ৰোপচাৰ প্ৰক্ৰিয়াৰ বিষয়ে আশাকৰোঁ এখন থূল-মূল ছবি আপোনালোকৰ আগত তুলি ধৰিব পাৰিছোঁ৷ পৰৱৰ্তী সময়তো কেঞ্চাৰ ৰোগ সম্পৰ্কে অন্যান্য কথা জনাই যাবৰ চেষ্টা কৰিম।

Share Now on

Leave a Reply