You are currently viewing ইছ’ফেগাছৰ কৰ্কটৰোগঃ ডাঃ বিক্ৰম কুমাৰ ডেকা।

ইছ’ফেগাছৰ কৰ্কটৰোগঃ ডাঃ বিক্ৰম কুমাৰ ডেকা।

ইছ’ফেগাছৰ কৰ্কটৰোগ –

ডাঃ বিক্ৰম কুমাৰ ডেকা।

(কেন্সাৰ ৰোগ বিশেষজ্ঞ, ৰ’ব’টিক শল্য চিকিৎসক, মেক্স হস্পিটেল, দিল্লী)

দেহৰ আন আন অংগ বা অংশ যিদৰে ভিন ভিন কৰ্কটৰোগত আক্ৰান্ত হয়,ঠিক তেনেদৰে আমাৰ খাদ্যনলীৰ ইছ’ফেগাছ অংশও কৰ্কটৰোগত আক্ৰান্ত হয়। ইছ’ফেগাছ হৈছে মাংসপেশীৰে নিৰ্মিত এক অংগ৷ ইয়াৰ জৰিয়তে মুখগহ্বৰৰ পৰা খাদ্য পেট বা পাকস্থলীলৈ যায়। এই অংশৰ ভিতৰত আমাৰ ডিঙিৰ ওপৰৰ অংশ,অৰ্থাৎ জিভাৰ পিছৰ অংশৰ পৰা বুকুৰ তলৰ পেট সংযোগী অংশ পৰে। ইছ’ফেগাছৰ আৱৰণখন বহু কোষিকাৰ তৰপ,শ্লেষ্মা আৱৰণী,সংযোগী কোষিকা আৰু মাংসপেশীৰে নিৰ্মিত হয়। এই কোষিকাৰ আভ্যন্তৰীণ তৰপতেই কৰ্কটৰোগজনিত কোষৰ সৃষ্টি হৈ ইছ’ফেগাছৰ কৰ্কটৰোগৰ সৃষ্টি হয় আৰু পিছত আন অংশলৈ বিয়পি পৰে। সাধৰণতে ধূম্ৰপান,অত্যধিক সুৰাপান আৰু বেৰেট ইছ’ফেগাছ ৰোগে এজন ব্যক্তিৰ ইছ’ফেগাছৰ কৰ্কটৰোগৰ প্ৰৱণতা বৃদ্ধি কৰে। ইছ’ফেগাছৰ কৰ্কটৰোগ বিশ্বৰ অষ্টমবিধ অধিক হাৰত হোৱা কেন্সাৰৰোগ আৰু লগতে আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ পুৰুষসকলৰ ক্ষেত্ৰত আটাইতকৈ অধিক হাৰত দেখা যোৱা কেন্সাৰ। আনহাতে উত্তৰ-পূৰ্বাঞ্চলৰ নাৰীসকলৰ ক্ষেত্ৰত আকৌ এইবিধ পঞ্চমবিধ অধিক হাৰত হোৱা কেন্সাৰৰোগ। প্ৰতি বছৰৰে এপ্ৰিল মাহটো ইছ’ফেগাছৰ কৰ্কটৰোগৰ সচেতনতামূলক মাহৰূপে পালন কৰা হয়।

ইছ’ফেগাছৰ কৰ্কটৰোগৰ দুবিধ প্ৰকাৰ আছে। সেই দুবিধ হৈছেঃ-

১)স্কুৱামাছ চেল কাৰ্চিন’মাঃ-এইবিধ কৰ্কটৰোগ ইছ’ফেগাছৰ ভিতৰৰ পাতল,সমতল কোষৰ তৰপত আৰু  ইছ’ফেগাছৰ ভিতৰৰ ফালে সৃষ্টি হয়। এইবিধ কেন্সাৰৰোগ ইছ’ফেগাছৰ যিকোনো অংশতেই সৃষ্টি হ’ব পাৰে,কিন্তু সাধৰণতে ইছ’ফেগাছৰ ওপৰ আৰু মধ্যাংশত অধিক হোৱা দেখা যায়। ইয়াক এপিডাৰ্ম’ইড কাৰ্চিন’মা বুলিও কোৱা যায়।

২)এডেন’কাৰ্চিন’মাঃ-ইছ’ফেগাছৰ এইবিধ কেন্সাৰ গ্ৰন্থিযুক্ত কোষৰ(গ্লেণ্ডুলাৰ চেলছ)অংশত সৃষ্টি হয়। এই গ্লেণ্ডুলাৰ গ্ৰন্থি অংশই ইছ’ফেগাছৰ কোষিকাৰ তৰপত থাকে আৰু ই শ্লেষ্মাৰ দৰে পদাৰ্থ সৃষ্টি কৰাৰ লগতে নিঃসৰণো কৰে। এডেন’কাৰ্চিন’মা সাধাৰণতে ইছ’ফেগাছৰ একেবাৰে নিম্নাংশ অৰ্থাৎ বুকু আৰু পেট বা পাকস্থলীৰ সংযোগস্থলত সৃষ্টি হোৱা দেখা যায়।

এজন ব্যক্তি ইছ’ফেগাছৰ কৰ্কটৰোগত আক্ৰান্ত হোৱাৰ ভিন্ন লক্ষণ থাকে। তেনে কেইটিমান লক্ষণ তলত আগবঢ়ালোঁ-

১)খাদ্য গিলোতে বিষ হোৱা বা অসুবিধাৰ সৃষ্টি হোৱা,

২)ওজন হ্ৰাস পোৱা,

৩)বুকুৰ মাজভাগৰ হাড়ৰ পিছফালে হোৱা বিষ,

৪)বদহজম আৰু বুকু জ্বলা-পুৰা কৰা।

এই লক্ষণসমূহে দেখা দিলে ততালিকে বিভাগীয় চিকিৎসকৰ কাষ চাপক।

এতিয়া আহিছোঁ এজন ব্যক্তি ইছ’ফেগাছৰ কৰ্কটৰোগত আক্ৰান্ত হোৱাৰ ভিন্ন কাৰকবোৰলৈ৷ অৰ্থাৎ এনে কিছুমান বিপদশংকা যাৰ ফলত ইছ’ফেগাছৰ কৰ্কটৰোগত এজন ব্যক্তি আক্ৰান্ত হ’ব পাৰে। অৱশ্যে এনে নহয় যে এই বিপদসংকুলতাসমূহ থাকিলেই ব্যক্তিজন কৰ্কটৰোগত আক্ৰান্ত হ’ব বা নেথাকিলেই নহ’ব। তথাপি সাৱধানতা তথা সচেতনতাৰ বাবে তাৰে কেইটিমান কাৰণ তলত দিছোঁ৷

১)ধঁপাতজাতীয় সামগ্ৰীৰ ব্যৱহাৰ

২)অত্যধিক সুৰাপান

৩)বেৰেট ইছ’ফেগাছ ৰোগ,আৰু

৪)বৰ্দ্ধিত বয়স

প্ৰয়োজন সাপেক্ষে যেতিয়া এজন ব্যক্তিয়ে ওপৰত উল্লেখ কৰাধৰণৰ শাৰিৰীক অসুবিধাসমূহ লৈ চিকিৎসকৰ কাষ চাপে তেতিয়া চিকিৎসকে ৰোগীজন ইছ’ফেগাছৰ কৰ্কটৰোগত আক্ৰান্ত হৈছে নে নাই নিশ্চিত হ’বলৈ কিছুমান পৰীক্ষা কৰা হয়৷ তেনে দুবিধ পৰীক্ষা হৈছেঃ-

১)ইছ’ফেগাস্ক’পী বা এণ্ড’স্ক’পীঃ-এই প্ৰক্ৰিয়া এণ্ড’স্ক’পীৰ দৰেই এক প্ৰক্ৰিয়া,য’ত ইছ’ফেগাছৰ ভিতৰৰ অংশলৈকে চাব পাৰি। এই পদ্ধতিৰে ইছ’ফেগাছৰ ভিতৰত কিবা অস্বাভাৱিকতা দেখা যায় নেকি সেয়া চোৱা হয়৷ মুখগহ্বৰ বা নাকেৰে এডাল পাইপ(ইছ’ফেগাস্ক’প) ইছ’ফেগাছৰ ভিতৰলৈ সুমুৱাই দিয়া হয়। এই ইছ’ফেগাস্ক’প হৈছে লাইট আৰু লেন্স  থকা এডাল পাতল পাইপৰ দৰে সজুঁ‌লি৷ এই প্ৰক্ৰিয়াৰ জড়িয়তে কম্পিউটাৰত ইছ’ফেগাছৰ ভিতৰৰ অংশ চাব পৰাৰ লগতে প্ৰয়োজন সাপেক্ষে আন পৰীক্ষাৰ বাবে ইছ’ফেগাছৰ সামান্য অংশ বাহিৰলৈ উলিয়াই আনিবও পাৰি।

২)বায়’পছিঃ-এই প্ৰক্ৰিয়াত ইছ’ফেগাছৰ পৰা কিছু কোষিকা  উলিয়াই আনি মাইক্ৰ’স্ক’পৰে পৰীক্ষা কৰা হয়। এনেদৰে পৰীক্ষা কৰিলে,কেন্সাৰ ৰোগৰ কোষৰ অৱস্থিতি ধৰা পেলাব পাৰি। বায়’পছি সাধাৰণতে ইছ’ফেগাস্ক’পীৰ সময়তেই লোৱা হয়। বায়’পছিত কেতিয়াবা যদি কৰ্কটৰোগ ধৰা পৰে,আনহাতে কেতিয়াবা আকৌ যৎসামান্য পৰিৱৰ্তন ধৰা পৰে,যিয়ে পৰৱৰ্তী সময়ত কেন্সাৰৰোগৰ সৃষ্টি কৰিব পৰাৰ সম্ভাৱনাক সূচায়।

৩)পেট চি টি স্কেন বা চি ই চি টি চেষ্ট বা এবড’মেন-এই পৰীক্ষণ প্ৰক্ৰিয়াত ইছ’ফেগাছৰ কৰ্কটৰোগৰ স্তৰ আৰু কেম’ৰেডিয়েচন দিয়াৰ পিছত কিমান পৰিৱৰ্তন আহিল,তাক চোৱা যায়। ই এক শক্তিশালী এক্স-ৰে জাতীয় পৰীক্ষণেই।

এতিয়া আহিছোঁ এই ৰোগৰ চিকিৎসা প্ৰক্ৰিয়াৰ দিশটোলৈ৷ এবাৰ পৰীক্ষাৰ জৰিয়তে ইছ’ফেগাছৰ কৰ্কটৰোগ ধৰা পৰাৰ পিছত চিকিৎসকে ইয়াৰ স্তৰ অনুসৰি ইয়াৰ চিকিৎসা আৰম্ভ কৰে। এনে কেইবিধমান চিকিৎসা প্ৰক্ৰিয়া হৈছেঃ-

১)অস্ত্ৰোপচাৰঃ-ইছ’ফেগাছৰ কৰ্কটৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত আটাইতকৈ বেছিকৈ হোৱা বা কৰা চিকিৎসা প্ৰক্ৰিয়াবিধেই হৈছে অস্ত্ৰোপচাৰ। এই অস্ত্ৰোপচাৰৰ জৰিয়তে ইছ’ফেগাছৰ কৰ্কটৰোগত আক্ৰান্ত অংশ কাটি আতৰাই দিয়া হয়। আৰু চিকিৎসকে কাটি উঠাৰ পিছত পুনৰাই ইছ’ফেগাছৰ বাকী অংশক সংযুক্ত কৰি দিয়ে যাতে ৰোগীজনৰ স্বাভাৱিক খাদ্যগ্ৰহণ প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি নহয়। আৰু যদিহে কোনো এক কেন্সাৰজনিত টিউমাৰে ইছ’ফেগাছৰ কোনো অংশ চেপা মাৰি ধৰে,তেন্তে তাতো অস্ত্ৰোপচাৰৰ সময়ত এডাল “ষ্টেন্ট”(লোৰ দৰে সামগ্ৰীৰে নিৰ্মিত আধাৰ)লগাই দিয়াও হয়।

২)ৰেডিয়েচন থেৰাপীঃ-কৰ্কটৰোগৰ এইবিধ চিকিৎসা প্ৰক্ৰিয়াত কেন্সাৰ ৰোগজনিত কোষসমূহৰ বৃদ্ধিত বাধা দিবৰ বাবে উচ্চ শক্তিসম্পন্ন এক্স-ৰে ৰশ্মি বা আন ৰেডিয়েচনৰ ব্যৱহাৰ কৰা হয়। ৰোগীজনৰ কৰ্কটৰোগৰ স্তৰৰ ওপৰত নিৰ্ভৰ কৰি,ৰেডিয়েচন দিয়া যায়। ইছ’ফেগাছৰ কৰ্কটৰোগত এই ৰেডিয়েচনৰ দুবিধ প্ৰকাৰত দিয়া যায়-১)এক্সটাৰ্নেল ৰেডিয়েচন থেৰাপী,য’ত ৰেডিয়েচন ৰোগীজনৰ দেহৰ বাহিৰৰ পৰা এই ৰেডিয়েচন কেন্সাৰ আক্ৰান্ত অংশত দিয়া যায়। ২)ইন্টাৰনেল ৰেডিয়েচন থেৰাপী,য’ত এই ৰেডিয়েচন থেৰাপী ইছ’ফেগাছৰ ভিতৰত দিয়া যায় ভিন্ন চিকিৎসা সঁ‌জুলিৰ দ্বাৰা। এইবিধ চিকিৎসা প্ৰক্ৰিয়াত কেন্সাৰ ৰোগজনিত কোষসমূহৰ বৃদ্ধিত বাধা দিবৰ বাবে উচ্চ শক্তিসম্পন্ন এক্স-ৰে ৰশ্মি বা আন ৰেডিয়েচনৰ ব্যৱহাৰ কৰা হয়। ৰোগীজনৰ কৰ্কটৰোগৰ স্তৰৰ ওপৰত নিৰ্ভৰ কৰি ৰেডিয়েচন দিয়া যায়।

৩)কেম’থেৰাপীঃ-কেম’থেৰাপী হৈছে এবিধ কৰ্কটৰোগৰ চিকিৎসাৰ প্ৰক্ৰিয়া,য’ত দৰৱৰ মাধ্যমেৰে চিকিৎসা কৰা হয়। এই প্ৰক্ৰিয়াত হয় কেন্সাৰজনিত ৰোগৰ বৃদ্ধি বন্ধ কৰিবলৈ হয় কোষসমূহৰ বিভাজনত বাধা দিয়ে,নহ’লে কৰ্কটৰোগৰ কোষসমূহ মাৰি পেলায়৷ কেম’থেৰাপী হয় মুখেৰে দৰৱ আকাৰে দিয়া হয়,অন্যথা দেহৰ সিৰা বা মাংসপেশীৰ মাধ্যমেৰেও দিয়া হয়। ইছ’ফেগাছৰ কৰ্কটৰোগৰ কেম’থেৰাপীও,ৰোগীজনৰ কৰ্কটৰোগৰ স্তৰ আৰু চিকিৎসা প্ৰক্ৰিয়া অনুসৰি দিয়া যায়।

৪)কেম’ৰেডিয়েচন থেৰাপীঃ-এই থেৰাপীৰ নামটোৱেই সূচাই যে ইয়াত কেম’থেৰাপী আৰু ৰেডিয়েচন থেৰাপী একেলগে দিয়া যায়। একেলগে দিয়া যায়,যাতে ৰোগৰ চিকিৎসা প্ৰক্ৰিয়া অধিক শক্তিশালী হয়।

৫)লেজাৰ থেৰাপী,

৬)ইলেক্ট্ৰ’ক’গুলেচন,

৭)ইম্মিউন’থেৰাপী।

ইয়াৰ লগতে আনুষংগিকভাৱে আন আন কিছু আধুনিক চিকিৎসা প্ৰক্ৰিয়া যেনে টাৰ্গেডেট থেৰাপী আদিৰো প্ৰয়োগ কৰা হয়।

ইছ’ফেগাছৰ কৰ্কটৰোগৰ স্তৰ অনুসৰি এনেদৰে চিকিৎসা আগবঢ়োৱা হয়ঃ-

১)স্তৰ-০ (হাই গ্ৰেড ডিছপ্লাজিয়া)ঃ-এণ্ড’স্ক’পিক ছাৰ্জাৰী।

২)স্তৰঃ-১ঃ-ক)অস্ত্ৰোপচাৰ।

৩)স্তৰ-২ঃ- ক)অস্ত্ৰোপচাৰৰ পিছত কেম’ৰেডিয়েচন থেৰাপী,বা কেম’থেৰাপী।

খ)মাথোঁ কেম’ৰেডিয়েচন থেৰাপী।

৪)স্তৰ-৩ঃ-ক)অস্ত্ৰোপচাৰৰ পিছত কেম’ৰেডিয়েচন থেৰাপী,বা কেম’থেৰাপী।

খ)মাথোঁ কেম’ৰেডিয়েচন থেৰাপী।

৫)স্তৰ-৪ঃ- মাথোঁ কেম’থেৰাপী(ষ্টেন্টিং-যদিহে প্ৰয়োজন হয়।)

এইখিনি কিছু সামগ্ৰিক তথ্য আছিল ইছ’ফেগাছৰ কৰ্কটৰোগৰ বিষয়ে। এই ৰোগৰ সচেতনতা বৰ্তাই ৰাখক আৰু আপুনি যদিহে এই ৰোগৰ কোনো লক্ষণ নিজৰ দেহত দেখা দিয়া যেন পাই,ততালিকে বিভাগীয় চিকিৎসকৰ কাষ চাপক।

চিকিৎসকৰ ফোনঃ-৯৫৬০৬৩০২০৫

Share Now on

Leave a Reply